E-SHRAM Portal অত ৰেজিষ্ট্ৰেচন কৰি দুই লাখ বা তাতোধিক টকাৰ লাভ আদায় কৰক :: You can earn 2 lakhs or more than that by registering on e-SHRAM Portal
অসংগঠিত ক্ষেত্ৰত কৰ্মৰত শ্ৰমিকসকলৰ বাবে চৰকাৰে ই-শ্ৰম প'ৰ্টেল (e-SHRAM Portal) ল'ন্স কৰিছে। এই প'ৰ্টেলৰ মাধ্যমেৰে দেশৰ প্ৰতিজন শ্ৰমিকৰ তথ্য ৰখা হ'ব। অসংগঠিত ক্ষেত্ৰত নিয়োজিত প্ৰায় ৩৮ কোটি শ্ৰমিকৰ বাবে ১২ অংকৰ ইউনিভাৰচেল একাউণ্ট নম্বৰ আৰু ই-শ্ৰম কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব। সেই ই-শ্ৰম কাৰ্ডখন সমগ্ৰ দেশৰ যিকোনো প্ৰান্ততে বৈধ পৰিগণিত হ'ব। ফলত দেশৰ অনেক অসংগঠিত ক্ষেত্ৰত কৰ্মৰত কোটি কোটি শ্ৰমিকে নিজৰ এটা পৰিচয় লাভ কৰিব।
চৰকাৰী ঘোষণা অনুসৰি ই-শ্ৰম কাৰ্ড থকা অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা (PMSYM), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY) আৰু প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা (PMJJBY)ৰ সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব।
কেন্দ্ৰীয় শ্ৰম আৰু ৰোজগাৰ মন্ত্ৰালয়ৰ দ্বাৰা অসংগঠিত ক্ষেত্ৰত কৰ্মৰত ৩৮ কোটি শ্ৰমিকৰ বাবে ১২ অংকৰ ইউএএন নম্বৰৰ দিহা কৰা হ'ব। এই পদক্ষেপৰ দ্বাৰা বিপদকালীন সময়ত শ্ৰমিকসকলে যথেষ্ট সুবিধা লাভ কৰিব।
ই-শ্ৰম প'ৰ্টেলত পঞ্জীয়ন কৰা শ্ৰমিকসকলে দুই লাখ টকাৰ এক্সিডেণ্টেল ইঞ্চিউৰেঞ্চ পাব। পঞ্জীকৃত শ্ৰমিকজন কোনো দুৰ্ঘটনাত যদি পতিত হয় আৰু দুৰ্ঘটনাৰ ফলস্বৰূপে তেওঁ যদি বিকলাংগ হয়, নাইবা যদি তেওঁৰ মৃত্যু ঘটে তেন্তে পৰিয়ালৰ লোকে ২ লাখ টকা লাভ কৰিব। তেওঁ আংশিকভাৱে বিকলাংগ হ'লে ১ লাখ লাভ কৰিব।
ৰেজিষ্ট্ৰেচন বা পঞ্জীয়ন কিদৰে কৰিব
- * https://www.eshram.gov.in/ অৰ দ্বাৰা ই-শ্ৰম প'ৰ্টেলৰ অফিচিয়েল পেজলৈ যাব।
- * হোমপেজত থকা ৰেজিষ্ট্ৰেচন অপশ্বনটোত ক্লিক কৰক।
- * https://register.eshram.gov.in/#/user/self লিংকৰ দ্বাৰা চেল্ফ ৰেজিষ্ট্ৰেচন কৰক।
- * চেল্ফ ৰেজিষ্ট্ৰেচনৰ বাবে ব্যৱহাৰকাৰীয়ে নিজৰ আধাৰ কাৰ্ডৰ সৈতে সংলগ্ন ম'বাইল নম্বৰটো দিব লাগিব।
- * শুদ্ধকৈ কেপচা (captcha) ক'ড ভৰাব আৰু কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন (EPFO) নাইবা কৰ্মচাৰী ৰাজ্য বীমা নিগম (ESIC) অৰ বিকল্পত থকা সদস্য বিকল্পটোত ক্লিক কৰিব।
- * এইদৰে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত বেংক একাউণ্টৰ তথ্য দিব লাগিব।
শ্ৰমিকৰ সহায়ৰ বাবে থকা টোল ফ্ৰী নম্বৰতো ফোন কৰি সকলোখিনি জানি ল'ব পাৰিব। ২৬ আগষ্ট তাৰিখে মুকলি হোৱা এই ই-শ্ৰম প'ৰ্টেলৰ ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ হৈছে ১৪৪৩৪
By Jahnavi Deka